ছূৰা 30 · জুজ 21
Ar-Rum · 30:40
اللَّهُ الَّذِي خَلَقَكُمْ ثُمَّ رَزَقَكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۖ هَلْ مِنْ شُرَكَائِكُمْ مَنْ يَفْعَلُ مِنْ ذَٰلِكُمْ مِنْ شَيْءٍ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ
আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰিছে তাৰ পিছত তোমালোকক জীৱিকা দান কৰিছে। তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত তেৱেঁই আকৌ তোমালোকক জীৱিত কৰিব। তোমালোকে অংশী কৰা বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিজনে এইবোৰৰ কিবা এটা কৰিব পাৰে? সিহঁতে যিবোৰ অংশী কৰে তেওঁ সেইবোৰৰ পৰা পৱিত্ৰ মহিমাময় আৰু অতি উৰ্দ্ধত।
তাফছীৰ
একমাত্ৰ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক জীৱিকা দান কৰিছে, তথা তেৱেঁই তোমালোকক মৃত্যু দান কৰিব আৰু তাৰ পিছত তোমালোকক একত্ৰিত কৰিবলৈ পুনৰ্জীৱিত কৰিব। আল্লাহক এৰি তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰৰ মাজৰ কোনোবাই এইবোৰ কাম কৰিব পাৰিবনে? নিশ্চিতভাৱে আল্লাহ মহা পৱিত্ৰ সেই সকলো বিষয়ৰ পৰা, যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক