ছূৰা 30 · জুজ 21

Ar-Rum · 30:39

وَمَا آتَيْتُمْ مِنْ رِبًا لِيَرْبُوَ فِي أَمْوَالِ النَّاسِ فَلَا يَرْبُو عِنْدَ اللَّهِ ۖ وَمَا آتَيْتُمْ مِنْ زَكَاةٍ تُرِيدُونَ وَجْهَ اللَّهِ فَأُولَٰئِكَ هُمُ الْمُضْعِفُونَ

আৰু মানুহৰ সম্পদ বৃদ্ধি পাব বুলি তোমালোকে যি সুত দিয়া, আল্লাহৰ দৃষ্টিত কিন্তু সেয়া ধন-সম্পদ বৃদ্ধি নকৰে। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে তোমালোকে যি যাকাত প্ৰদান কৰা (সেইটোৱেহে সম্পদ বৃদ্ধি কৰে) এতেকে তেওঁলোকেহে প্ৰকৃত সমৃদ্ধশালী।

তাফছীৰ

তোমালোকে অধিক বৃদ্ধিকৈ পোৱাৰ আশাত যদি কাৰোবাক ধন-সম্পদ প্ৰদান কৰা, তেন্তে জানি থোৱা আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব বৃদ্ধি নহয়। আনহাতে যদি কাৰোবাৰ অভাৱ দূৰ কৰিবলৈ তথা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ধন দান কৰা, যাৰ বিনিময়ত তোমালোকে মৰ্যাদা কামনা নকৰা আৰু মানুহৰ প্ৰশংসা বিচৰাটোও তোমালোকৰ উদ্দেশ্য নহয়, তেন্তে জানি থোৱা, তেনেকুৱা লোককেই তেওঁলোকৰ ছোৱাব আল্লাহৰ ওচৰত অধিক বৃদ্ধিকৈ প্ৰদান কৰা হ’ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক