ছূৰা 3 · জুজ 4
Ali 'Imran · 3:96
إِنَّ أَوَّلَ بَيْتٍ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكًا وَهُدًى لِلْعَالَمِينَ
নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেয়া হৈছে মক্কাত, বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।
তাফছীৰ
পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম ঘৰ, যিটো সকলো মানুহৰ বাবে আল্লাহৰ ইবাদত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল, সেইটো হৈছে আল্লাহৰ সেই সন্মানিত ঘৰ যিটো মক্কাত অৱস্থিত। সেইটো হৈছে বৰকতময় ঘৰ। দ্বীনি আৰু দুনিয়াৱী উপকাৰৰ কেন্দ্ৰবিন্দু। তাত আছে গোটেই মানৱ জাতিৰ বাবে হিদায়ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক