ছূৰা 3 · জুজ 4

Ali 'Imran · 3:95

قُلْ صَدَقَ اللَّهُ ۗ فَاتَّبِعُوا مِلَّةَ إِبْرَاهِيمَ حَنِيفًا وَمَا كَانَ مِنَ الْمُشْرِكِينَ

কোৱা, ‘আল্লাহে সত্য কৈছে। সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰা, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল’।

তাফছীৰ

হে নবী! আপুনি জনাই দিয়ক, আল্লাহে ইয়াকূব আলাইহিছ ছালাম সম্পৰ্কে যি সংবাদ দিছে লগতে তেওঁ অৱতীৰ্ণ কৰা প্ৰত্যেক বিষয় আৰু বিধি-বিধানত সত্যবাদী। এতেকে তোমালোকে ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্মৰ অনুসৰণ কৰা। তেওঁ সকলো ধৰ্মৰ পৰা বিমুখ হৈ কেৱল ইছলামক আঁকোৱালী লৈছিল। আৰু কেতিয়াও তেওঁ আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক