ছূৰা 3 · জুজ 3
Ali 'Imran · 3:83
أَفَغَيْرَ دِينِ اللَّهِ يَبْغُونَ وَلَهُ أَسْلَمَ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَإِلَيْهِ يُرْجَعُونَ
সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওঁক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
তাফছীৰ
আল্লাহৰ আনুগত্য আৰু তেওঁৰ দ্বীনৰ পৰা বহিষ্কৃত এইসকল লোকে, আল্লাহৰ মনোনীত দ্বীন ইছলামৰ বাহিৰে আন কোনো ধৰ্ম বিচাৰি আছে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়ে ইচ্ছাতে হওঁক অথবা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰিছে, ইচ্ছাতে যেনে- মুছলিমসকল আৰু অনিচ্ছাতে যেনে- কাফিৰসকল। অৱশেষত কিয়ামতৰ দিনা সকলো সৃষ্টিয়ে হিচাপ-নিকাচৰ বাবে আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক