ছূৰা 3 · জুজ 3

Our Lord, do not let our hearts deviate · Ali 'Imran 3:8

رَبَّنَا لَا تُزِغْ قُلُوبَنَا بَعْدَ إِذْ هَدَيْتَنَا وَهَبْ لَنَا مِنْ لَدُنْكَ رَحْمَةً ۚ إِنَّكَ أَنْتَ الْوَهَّابُ

হে আমাৰ ৰব! সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক সত্য লঙ্ঘনপ্ৰবণ নকৰিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত প্ৰদান কৰা, নিশ্চয় তুমি মহাদাতা।

তাফছীৰ

আৰু এই গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, হে আমাৰ প্ৰতিপালক! আমাক হিদায়ত দিয়াৰ পিছত আমাৰ অন্তৰসমূহক সত্যৰ পৰা আঁতৰ নকৰিবা।লগতে সত্যৰ পৰা পথভ্ৰষ্ট লোকৰ পৰিণামৰ পৰা আমাৰ সুৰক্ষিত ৰাখিবা। লগতে তুমি আমাক ব্যাপক কৃপা দান কৰা, যি কৃপায় আমাৰ অন্তৰসমূহক পথ দেখুৱাব আৰু আমাক ভ্ৰষ্টতাৰ পৰা সুৰক্ষিত কৰিব। হে আমাৰ প্ৰতিপালক! তুমি অত্যন্ত মহান দাতা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক