ছূৰা 3 · জুজ 3
Ali 'Imran · 3:7
هُوَ الَّذِي أَنْزَلَ عَلَيْكَ الْكِتَابَ مِنْهُ آيَاتٌ مُحْكَمَاتٌ هُنَّ أُمُّ الْكِتَابِ وَأُخَرُ مُتَشَابِهَاتٌ ۖ فَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ زَيْغٌ فَيَتَّبِعُونَ مَا تَشَابَهَ مِنْهُ ابْتِغَاءَ الْفِتْنَةِ وَابْتِغَاءَ تَأْوِيلِهِ ۗ وَمَا يَعْلَمُ تَأْوِيلَهُ إِلَّا اللَّهُ ۗ وَالرَّاسِخُونَ فِي الْعِلْمِ يَقُولُونَ آمَنَّا بِهِ كُلٌّ مِنْ عِنْدِ رَبِّنَا ۗ وَمَا يَذَّكَّرُ إِلَّا أُولُو الْأَلْبَابِ
তেৱেঁই তোমাৰ প্ৰতি এই কিতাব অৱতীৰ্ণ কৰিছে যিটোৰ কিছুমান আয়াত ‘মুহকাম’, সেইবোৰেই কিতাপৰ মূল; আৰু আনবোৰ হ'ল মুতাশ্বাবিহ, এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰো, এই সকলো আমাৰ ৰবৰ পৰা আহিছে’; আৰু জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে।
তাফছীৰ
হে নবী! তেৱেঁই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। ইয়াত কিছুমান আয়াত আছে যাৰ অৰ্থ স্পষ্ট, যাৰ মাজত কোনো ধৰণৰ অস্পষ্টতা নাই। এইবোৰেই পুথিৰ মূল আৰু ইয়াৰ সংখ্যাও অধিক লগতে মতভেদৰ সময়ত এইবোৰ আয়াতেই মীমাংসাৰ উত্স। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ একাধিক অৰ্থ থকাৰ সম্ভাৱনা থাকে। লগতে অধিকাংশ মানুহৰ বাবে সেইবোৰৰ অৰ্থ নিৰ্ণয় কৰা জটিল হয়। সেয়ে যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে মুহকাম (স্পষ্ট অৰ্থ থকা) আয়াতবোৰক আওকাণ কৰি মুতাশ্বাবিহ (একাধিক অৰ্থ থকা) আয়াতৰ পিছত লাগি থাকে। দৰাচল সিহঁতে ইয়াৰ দ্বাৰা সন্দেহ সৃষ্টি কৰিব বিচাৰে আৰু মানুহক বিভ্ৰান্ত কৰিব বিচাৰে আৰু নিজৰ ফালৰ পৰা এনেকুৱা ব্যাখ্যা কৰিব বিচাৰে যিটো সিহঁতৰ কু-মানসিকতাৰ অনুকূল। অথচ ইয়াৰ প্ৰকৃত অৰ্থ আৰু ইয়াৰ সঠিক ব্যাখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পক্ষান্তৰে গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, আমি সম্পূৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ কৰো, কিয়নো ই সম্পূৰ্ণৰূপে আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁলোকে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াত অনুসাৰে কৰে। উপদেশ কেৱল সঠিক বিবেকৱান সকলেহে গ্ৰহণ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক