ছূৰা 3 · জুজ 3

Ali 'Imran · 3:75

۞ وَمِنْ أَهْلِ الْكِتَابِ مَنْ إِنْ تَأْمَنْهُ بِقِنْطَارٍ يُؤَدِّهِ إِلَيْكَ وَمِنْهُمْ مَنْ إِنْ تَأْمَنْهُ بِدِينَارٍ لَا يُؤَدِّهِ إِلَيْكَ إِلَّا مَا دُمْتَ عَلَيْهِ قَائِمًا ۗ ذَٰلِكَ بِأَنَّهُمْ قَالُوا لَيْسَ عَلَيْنَا فِي الْأُمِّيِّينَ سَبِيلٌ وَيَقُولُونَ عَلَى اللَّهِ الْكَذِبَ وَهُمْ يَعْلَمُونَ

আৰু কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও সি ঘূৰাই দিব; আকৌ সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যাৰ ওচৰত এটা দীনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদ নিদিয়া লৈকে সি সেয়া উভতাই নিদিব। এইটো এই বাবে যে, সিহঁতে কয়, ‘উম্মীসকলৰ বিষয়ে আমাৰ ওপৰত কোনো বাধ্যবাধকতা নাই; আৰু সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।

তাফছীৰ

আহলে কিতাবসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তুমি তাৰ ওচৰত প্ৰচুৰ পৰিমাণে ধন-সম্পত্তিও আমানত হিচাপে ৰাখা, সি তোমাক সেই ধন ঘূৰাই দিব। লগতে সিহঁতৰ মাজত এনেকুৱা ব্যক্তিও আছে, যদি তাৰ ওচৰত অলপমান ধন আমানত হিচাপে ৰাখা, তথাপিও সি তোমাক ঘূৰাই নিদিব। কিন্তু যদি তুমি তাক বাধ্য কৰোৱা বা সদায় বিচাৰি থাকা তেতিয়াহে সি আদায় কৰিব। এইটো সিহঁতৰ এই কথা আৰু এই কুঃধাৰণাৰ কাৰণে যে, আৰবীয়ানসকলৰ সম্পদ আত্মসাৎ কৰিলে আমাৰ কোনো গুনাহ নহ'ব, কিয়নো আল্লাহে আমাৰ বাবে এইটো বৈধ কৰিছে। সিহঁতে এইটো মিছা কথা কয়, অথচ সিহঁতে জানে যে, সিহঁতে আল্লাহৰ প্ৰতি এয়া মিছা আৰোপ কৰি আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক