ছূৰা 3 · জুজ 3

Ali 'Imran · 3:55

إِذْ قَالَ اللَّهُ يَا عِيسَىٰ إِنِّي مُتَوَفِّيكَ وَرَافِعُكَ إِلَيَّ وَمُطَهِّرُكَ مِنَ الَّذِينَ كَفَرُوا وَجَاعِلُ الَّذِينَ اتَّبَعُوكَ فَوْقَ الَّذِينَ كَفَرُوا إِلَىٰ يَوْمِ الْقِيَامَةِ ۖ ثُمَّ إِلَيَّ مَرْجِعُكُمْ فَأَحْكُمُ بَيْنَكُمْ فِيمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ

স্মৰণ কৰা, যেতিয়া আল্লাহে ক’লে, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফৰী কৰে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন’। তোমালোকৰ মাজত যি বিষয়ে মতানৈক্য হৈছে মই তোমালোকৰ মাজত তাৰ মীমাংসা কৰি দিম।

তাফছীৰ

আল্লাহে সিহঁতৰ বিৰুদ্ধে তেতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিছিল, যেতিয়া তেওঁ ঈছা আলাইহিছ ছালামক সম্বোধন কৰি কৈছিলঃ হে ঈছা! মই তোমাক মৃত্যু নিদিয়াকৈয়ে পৰিগ্ৰহণ কৰিম, তোমাক শৰীৰ তথা আত্মাৰ সৈতে মোৰ ওচৰলৈকে উঠাই আনিম, তোমাক কাফিৰসকলৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ কৰিম আৰু সিহঁতৰ পৰা তোমাক আঁতৰাই দিম, আৰু সত্য ধৰ্মত তোমাৰ অনুসাৰীসকলক- ইয়াৰ ভিতৰত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰাও অন্তৰ্ভুক্ত- কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত স্পষ্ট প্ৰমাণ আৰু প্ৰভূত্বৰ জৰীয়তে প্ৰাধান্য দান কৰিম। তাৰ পিছত কিয়ামতৰ দিনা তোমালোকে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিবা। সেইদিনা মই ন্যায়ৰ সৈতে তোমালোকৰ মতভেদসমূহ মীমাংসা কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক