ছূৰা 3 · জুজ 3

Ali 'Imran · 3:47

قَالَتْ رَبِّ أَنَّىٰ يَكُونُ لِي وَلَدٌ وَلَمْ يَمْسَسْنِي بَشَرٌ ۖ قَالَ كَذَٰلِكِ اللَّهُ يَخْلُقُ مَا يَشَاءُ ۚ إِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ

তেওঁ (মাৰইয়ামে) ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো হৈ যায়।

তাফছীৰ

স্বামী নোহোৱাকৈ সন্তান লাভ কৰিব বুলি শুনি মাৰইয়ামে আচৰিত হৈ ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, অথচ কোনো পুৰুষে বৈধ অথবা অবৈধ কোনো ভাৱেই মোৰ ওচৰলৈ অহা নাই, ফিৰিস্তাই ক'লেঃ যিদৰে আল্লাহে তোমাৰ সন্তান পিতৃ নোহোৱাকৈ সৃষ্টি কৰিব, ঠিক সেইদৰে তেওঁ যি ইচ্ছা কৰে সেইটোকে প্ৰাকৃতিক নিয়মৰ বিপৰীতে সৃষ্টি কৰে। যেতিয়া তেওঁ কোনো কাম কৰাৰ ইচ্ছা পোষণ কৰে তেতিয়া কেৱল কয় “কূন” (হোৱা) ফলত সেয়া হৈ যায়। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক