ছূৰা 3 · জুজ 3
Ali 'Imran · 3:36
فَلَمَّا وَضَعَتْهَا قَالَتْ رَبِّ إِنِّي وَضَعْتُهَا أُنْثَىٰ وَاللَّهُ أَعْلَمُ بِمَا وَضَعَتْ وَلَيْسَ الذَّكَرُ كَالْأُنْثَىٰ ۖ وَإِنِّي سَمَّيْتُهَا مَرْيَمَ وَإِنِّي أُعِيذُهَا بِكَ وَذُرِّيَّتَهَا مِنَ الشَّيْطَانِ الرَّجِيمِ
তাৰ পিছত যেতিয়া তেওঁ সেই সন্তান প্ৰসৱ কৰিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই ইয়াক কন্যাৰূপে প্ৰসৱ কৰিছো। তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত; আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়; আৰু মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে অভিশপ্ত চয়তানৰ পৰা তেওঁক আৰু তেওঁৰ সন্তানক তোমাৰ আশ্ৰয়ত দিছো।
তাফছীৰ
যেতিয়া গৰ্ভৰ সময় সম্পূৰ্ণ হল আৰু প্ৰসৱ কৰিলে। তেতিয়া ইমৰাণৰ পত্নীয়ে- যিহেতু তেওঁ মনে মনে আশা পোষণ কৰিছিল পুত্ৰ সন্তান জন্ম হব, কিন্তু তেওঁৰ আশাৰ বিপৰীতে ছোৱালীহে জন্ম হল, সেয়ে মিনতি কৰি কলেঃ “হে মোৰ প্ৰতিপালক! মই কন্যা সন্তানহে জন্ম দিছো!” যদিও আল্লাহে ভালকৈ জানে যে, কি সন্তান জন্ম হৈছে কিন্তু তেওঁ যি সন্তান জন্ম দিছে সেই সন্তান তেওঁ কামনা কৰা পুত্ৰ সন্তানতকৈ শাৰীৰিক দিশত অধিক শক্তিশালী। লগতে তেওঁ আৰু কলেঃ মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে ইয়াক আৰু ইয়াৰ সন্তানক বিতাড়িত চয়তানৰ পৰা ৰক্ষা দায়িত্ব তোমাৰ ওপৰত অৰ্পন কৰিছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক