ছূৰা 3 · জুজ 3
Ali 'Imran · 3:35
إِذْ قَالَتِ امْرَأَتُ عِمْرَانَ رَبِّ إِنِّي نَذَرْتُ لَكَ مَا فِي بَطْنِي مُحَرَّرًا فَتَقَبَّلْ مِنِّي ۖ إِنَّكَ أَنْتَ السَّمِيعُ الْعَلِيمُ
স্মৰণ কৰা, যেতিয়া ইমৰাণৰ স্ত্ৰীয়ে কৈছিল, ‘হে আমাৰ ৰব! মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্নত কৰিলো। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
তাফছীৰ
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া ইমাৰণৰ পত্নী মৰিয়মৰ মাকে কৈছিলঃ হে মোৰ প্ৰতিপালক! মই মোৰ ওপৰত অনিবাৰ্য কৰি লৈছো যে, মোৰ গৰ্ভত যি সন্তান আছে তাক কেৱল তোমাৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে সকলো বস্তুৰ পৰা মুক্ত কৰি দিম, যাতে সেই সন্তানে তোমাৰ আৰু তোমাৰ ঘৰৰ সেৱা আগবঢ়াব পাৰে। তুমি মোৰ এই দুআ কবুল কৰা। নিশ্চয় তুমি মোৰ দুআ শ্ৰৱণকাৰী আৰু মোৰ নিয়্যত সম্পৰ্কে সম্যক অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক