ছূৰা 3 · জুজ 3

Ali 'Imran · 3:30

يَوْمَ تَجِدُ كُلُّ نَفْسٍ مَا عَمِلَتْ مِنْ خَيْرٍ مُحْضَرًا وَمَا عَمِلَتْ مِنْ سُوءٍ تَوَدُّ لَوْ أَنَّ بَيْنَهَا وَبَيْنَهُ أَمَدًا بَعِيدًا ۗ وَيُحَذِّرُكُمُ اللَّهُ نَفْسَهُ ۗ وَاللَّهُ رَءُوفٌ بِالْعِبَادِ

   সেইদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব, সেইদিনা সি কামনা কৰিব- যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ’লেহেতেন! আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে; আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল।

তাফছীৰ

ক্বিয়ামতৰ দিনা প্ৰত্যেক জীৱই নিজৰ সত্কৰ্ম কোনো ধৰণৰ হ্ৰাস নোহোৱাকৈ সন্মুখত হাজিৰ পাব তথা যিয়ে অসত্কৰ্ম কৰিছিল সি কামনা কৰিব যে, তাৰ আৰু সেই অসত্কৰ্মৰ মাজত দীৰ্ঘ সময়ৰ ব্যৱধান হওঁক। কিন্তু তাৰ এই আশা কেনেকৈ পূৰণ হ'ব! আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়। এতেকে গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ অংশীদাৰ নহবা। নিশ্চয় আল্লাহ বান্দাসকলৰ প্ৰতি অতি দয়ালু। সেয়ে তেওঁ সিহঁতক ভয় দেখুৱায় আৰু সতৰ্ক কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক