ছূৰা 3 · জুজ 3

Ali 'Imran · 3:29

قُلْ إِنْ تُخْفُوا مَا فِي صُدُورِكُمْ أَوْ تُبْدُوهُ يَعْلَمْهُ اللَّهُ ۗ وَيَعْلَمُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

কোৱা, ‘তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা, আল্লাহে সেয়া জানে; আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান’।

তাফছীৰ

হে নবী! কৈ দিয়ক যে, আল্লাহে তোমালোকক যিটোৰ পৰা নিষেধ কৰিছে, যেনে- কাফিৰসকলৰ লগত বন্ধুত্ব, ইয়াক তোমালোকে অন্তৰত গোপন ৰখা অথবা প্ৰকাশ কৰা আল্লাহে সকলো জানে আৰু তেওঁৰ পৰা একো গোপন নহয়। বৰং তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বিষয়ে অৱগত। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, একোৱেই তেওঁৰ শক্তিৰ বাহিৰত নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক