ছূৰা 3 · জুজ 4
Ali 'Imran · 3:193
رَبَّنَا إِنَّنَا سَمِعْنَا مُنَادِيًا يُنَادِي لِلْإِيمَانِ أَنْ آمِنُوا بِرَبِّكُمْ فَآمَنَّا ۚ رَبَّنَا فَاغْفِرْ لَنَا ذُنُوبَنَا وَكَفِّرْ عَنَّا سَيِّئَاتِنَا وَتَوَفَّنَا مَعَ الْأَبْرَارِ
হে আমাৰ ৰব! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰিবলৈ শুনিছো যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ পিনে ঈমান আনা’। সেয়ে আমি ঈমান আনিছো। হে আমাৰ ৰব! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰা আৰু আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।
তাফছীৰ
হে আমাৰ প্ৰতিপালক! আমি এজন আহ্বায়কক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক) এই বুলি আহ্বান কৰা শুনিছো, তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেৱেঁই তোমালোকৰ একমাত্ৰ ৰব্ব। এতেকে আমি তেওঁৰ কথা মানিছো আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল কৰিছো। তুমি আমাৰ পাপসমূহ গোপনে ৰাখিবা আৰু আমাক অপমানিত নকৰিবা, লগতে আমাৰ ভুল-ত্ৰুটিবোৰ ক্ষমা কৰা আৰু সেই বিষয়ে আমাক সোধ-পোছ নকৰিবা। লগতে আমাক ভাল কাম কৰিবলৈ আৰু বেয়া কৰ্মৰ পৰা বিৰত থকাৰ তাওফীক প্ৰদান কৰি আমাক সৎলোকৰ লগত মৃত্যু প্ৰদান কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক