ছূৰা 3 · জুজ 4
Ali 'Imran · 3:185
كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ ۗ وَإِنَّمَا تُوَفَّوْنَ أُجُورَكُمْ يَوْمَ الْقِيَامَةِ ۖ فَمَنْ زُحْزِحَ عَنِ النَّارِ وَأُدْخِلَ الْجَنَّةَ فَقَدْ فَازَ ۗ وَمَا الْحَيَاةُ الدُّنْيَا إِلَّا مَتَاعُ الْغُرُورِ
প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব তেৱেঁই সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।
তাফছীৰ
প্ৰত্যেক প্ৰাণীয়েই, সি যিয়েই নহওঁক কিয়, মৃত্যুৰ সোৱাদ লবই লাগিব। এতেকে কোনো সৃষ্টিয়ে এই পৃথিৱীৰ মোহত পৰিব নালাগে। আৰু কিয়ামতৰ দিনা তোমালোকক নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া বিনা কোনো হ্ৰাস নকৰাকৈ। ইয়াৰ পিছত যাক আল্লাহে জাহান্নামৰ পৰা দূৰৈত ৰাখিব আৰু জান্নাতত প্ৰৱেশ কৰাব, তেন্তে জানি থোৱা, সি কল্যাণৰ যি আশা পোষণ কৰিছিল, সেয়া সি পাই গল আৰু যি অকল্যাণৰ পৰা সি ভয় কৰিছিল তাৰ পৰা সি মুক্তি পালে। পাৰ্থিৱ জীৱন হৈছে ধ্বংসশীল এটা সামগ্ৰী। ইয়াৰ লগত কেৱল ব্যৰ্থ ব্যক্তিয়েহে মনোনিবেশ কৰিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক