ছূৰা 3 · জুজ 4

Ali 'Imran · 3:184

فَإِنْ كَذَّبُوكَ فَقَدْ كُذِّبَ رُسُلٌ مِنْ قَبْلِكَ جَاءُوا بِالْبَيِّنَاتِ وَالزُّبُرِ وَالْكِتَابِ الْمُنِيرِ

এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিবোৰ ৰাছুল স্পষ্ট নিদৰ্শন, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবসহ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।

তাফছীৰ

হে নবী! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰিছে তেন্তে আপুনি চিন্তিত নহব। কাফিৰসকলৰ চৰিত্ৰই এইটো। আপোনাৰ পূৰ্বেও বহুত ৰাছুলক অস্বীকাৰ কৰা হৈছে। তেওঁলোকে স্পষ্ট প্ৰমাণ, উপদেশমূলক পুথি লগতে আহকাম আৰু চৰীয়তৰ পিনে পথপ্ৰদৰ্শনকাৰী পুথি লৈ আহিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক