ছূৰা 3 · জুজ 4
Ali 'Imran · 3:178
وَلَا يَحْسَبَنَّ الَّذِينَ كَفَرُوا أَنَّمَا نُمْلِي لَهُمْ خَيْرٌ لِأَنْفُسِهِمْ ۚ إِنَّمَا نُمْلِي لَهُمْ لِيَزْدَادُوا إِثْمًا ۚ وَلَهُمْ عَذَابٌ مُهِينٌ
কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ মঙ্গলৰ বাবে; বৰং আমি অৱকাশ দিওঁ যাতে সিহঁতৰ পাপ বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
তাফছীৰ
নিজ প্ৰতিপালকক অস্বীকাৰকাৰী সকলে আৰু তেওঁৰ চৰীয়তৰ লগত শত্ৰুতা পোষণকাৰী সকলে কেতিয়াও এই কথা ভাবিব নালাগে যে, সিহঁতক এৰি দিয়াটো আৰু সিহঁতৰ কুফৰী কৰাৰ পিছতো সিহঁত দীৰ্ঘায়ু হোৱাটো সিহঁতৰ বাবে কল্যাণকৰ। বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে ভাৱে। প্ৰকৃততে আমি সিহঁতক এই কাৰণে অৱকাশ দিছো যাতে সিহঁতে বেছি বেছি পাপ কৰ্ম কৰি গুনাহ বৃ্দ্ধি কৰে। আৰু অৱশেষত সিহঁতৰ বাবে আছে অতি লাঞ্ছনাদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক