ছূৰা 3 · জুজ 4
Ali 'Imran · 3:140
إِنْ يَمْسَسْكُمْ قَرْحٌ فَقَدْ مَسَّ الْقَوْمَ قَرْحٌ مِثْلُهُ ۚ وَتِلْكَ الْأَيَّامُ نُدَاوِلُهَا بَيْنَ النَّاسِ وَلِيَعْلَمَ اللَّهُ الَّذِينَ آمَنُوا وَيَتَّخِذَ مِنْكُمْ شُهَدَاءَ ۗ وَاللَّهُ لَا يُحِبُّ الظَّالِمِينَ
যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকো, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
তাফছীৰ
হে মুমিনসকল! যদি তোমালোকে আঘাত প্ৰাপ্ত হৈছা আৰু তোমালোকৰ মাজৰ কিছুমানে শ্বাহাদত বৰণ কৰিছে তেন্তে সেইদৰে কাফিৰসকলেও আঘাত প্ৰাপ্ত হৈছে আৰু সিহঁতৰো কিছুমান নিহত হৈছে। আল্লাহে দিনবোৰক মুমিন আৰু কাফিৰসকলৰ মাজত যিদৰে ইচ্ছা কৰে বিজয় আৰু পৰাজয়ত পৰিবৰ্তন কৰি থাকে। ইয়াৰ অন্তৰালত আছে কেইবাটাও হিকমত, তাৰে এটা হৈছে, মুমিনসকলে যাতে মুনাফিকসকলৰ বাস্তৱতা গম পায়। আন এটা হিকমত এই যে, আল্লাহে যাক ইচ্ছা কৰে তেওঁৰ পথত শ্বাহাদত নচীব কৰে। আল্লাহৰ পথৰ জিহাদ পৰিত্যাগ কৰি নিজৰ ওপৰত অন্যায় কৰা ব্যক্তিক আল্লাহে কেতিয়াও পছন্দ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক