ছূৰা 3 · জুজ 4
Ali 'Imran · 3:136
أُولَٰئِكَ جَزَاؤُهُمْ مَغْفِرَةٌ مِنْ رَبِّهِمْ وَجَنَّاتٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ وَنِعْمَ أَجْرُ الْعَامِلِينَ
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ পুৰষ্কাৰ হৈছে নিজ প্ৰতিপালকৰ ক্ষমা আৰু জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু সৎকৰ্মশীল লোকৰ পুৰষ্কাৰ কিমান যে উত্তম!
তাফছীৰ
এইবোৰ ভাল বৈশিষ্ট্য আৰু উত্তম অভ্যাসৰ অধিকাৰী ব্যক্তিসকলৰ প্ৰতিদান এই যে, আল্লাহে তেওঁলোকৰ গুনাহসমূহ গোপন কৰিব আৰু তেওঁলোকক ক্ষমা কৰি দিব। তেওঁলোকৰ বাবে আখিৰাতত থাকিব এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলেদি নিজৰা প্ৰবাহিত হব। তেওঁলোকে তাত চিৰস্থায়ী হ’ব। আল্লাহৰ আনুগত্যকাৰী সকলৰ বাবে এইটো কিমান যে উত্তম প্ৰতিদান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক