ছূৰা 3 · জুজ 4
Ali 'Imran · 3:135
وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللَّهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ وَمَنْ يَغْفِرُ الذُّنُوبَ إِلَّا اللَّهُ وَلَمْ يُصِرُّوا عَلَىٰ مَا فَعَلُوا وَهُمْ يَعْلَمُونَ
আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব? আৰু সিহঁতে যিটো কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে।
তাফছীৰ
এইসকল লোকেই যেতিয়া কোনো ডাঙৰ গুনাহ কৰি পেলায় অথবা কোনো সৰু গুনাহ কৰি নিজৰ ছোৱাব হ্ৰাস কৰে, তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে তথা মুত্তাক্বীসকলৰ বাবে দিয়া আল্লাহৰ প্ৰতিশ্ৰুতি আৰু পাপিষ্ঠসকলৰ বাবে দিয়া আল্লাহৰ সতৰ্কবাণী স্মৰণ কৰে। লগতে তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত লজ্জিত হৈ গুনাহসমূহ গোপন কৰাৰ আৰু শাস্তি নিদিবলৈ প্ৰাৰ্থনা কৰে। কিয়নো আল্লাহৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা নকৰে। আৰু তেওঁলোকে গুনাহ কৰাৰ পিছত গুনাহৰ ওপৰত অটল নাথাকে। নিশ্চয় আল্লাহে সকলো গুনাহ ক্ষমা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক