ছূৰা 3 · জুজ 4

Ali 'Imran · 3:126

وَمَا جَعَلَهُ اللَّهُ إِلَّا بُشْرَىٰ لَكُمْ وَلِتَطْمَئِنَّ قُلُوبُكُمْ بِهِ ۗ وَمَا النَّصْرُ إِلَّا مِنْ عِنْدِ اللَّهِ الْعَزِيزِ الْحَكِيمِ

আৰু আল্লাহে তোমালোকৰ বাবে এয়া কেৱল সসংবাদ আৰু তোমালোকৰ আত্মিক প্ৰশান্তিৰ বাবে কৰিছে; আৰু সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা আহে।

তাফছীৰ

আৰু ফিৰিস্তাসকলৰ দ্বাৰা এই সহায়ক আল্লাহে কেৱল তোমালোকৰ বাবে এটা শুভসংবাদহে বনাই দিছিল, যাতে তোমালোকৰ অন্তৰ সন্তুষ্ট হয়। অন্যথা প্ৰকৃততে সহায় কেৱল প্ৰকাশ্য কাৰণতে নহয়, বৰং প্ৰকৃত সহায় সেই মহাপৰাক্ৰমশালী আল্লাহৰ পৰা আহে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে, যিজন পৰিচালনা আৰু বিধান প্ৰস্তুত কৰাত মহাপ্ৰজ্ঞাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক