ছূৰা 3 · জুজ 4
Ali 'Imran · 3:114
يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَيَأْمُرُونَ بِالْمَعْرُوفِ وَيَنْهَوْنَ عَنِ الْمُنْكَرِ وَيُسَارِعُونَ فِي الْخَيْرَاتِ وَأُولَٰئِكَ مِنَ الصَّالِحِينَ
সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, সৎকামৰ নিৰ্দেশ দিয়ে অসৎকামৰ পৰা নিষেধ কৰে আৰু সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে; আৰু এওঁলোকেই পূণ্যবানসকলৰ অন্তৰ্ভূক্ত।
তাফছীৰ
তেওঁলোকে আল্লাহ তথা শেষ দিৱসৰ প্ৰতি মজবুত ঈমান পোষণ কৰিছিল, তেওঁলোকে কল্যাণ তথা সত্কৰ্মৰ আদেশ দিছিল লগতে বেয়া তথা অসত্কৰ্মৰ পৰা মানুহক বিৰত ৰাখিছিল। তেওঁলোক নেক কামত অগ্ৰসৰ কৰিছিল লগতে তেওঁলোকে নেকি কৰাৰ বিভিন্ন মূহূৰ্তৰ পৰা উপকৃত হৈছিল। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ এনেকুৱা বান্দা, যিসকলৰ কৰ্ম আৰু নিয়্যত সঠিক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক