ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:19

أَوَلَمْ يَرَوْا كَيْفَ يُبْدِئُ اللَّهُ الْخَلْقَ ثُمَّ يُعِيدُهُ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ

সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।

তাফছীৰ

এই অস্বীকাৰকাৰীসকলে দেখা পোৱা নাই নেকি যে, আল্লাহে সৃষ্টিক প্ৰথমবাৰ কেনেকৈ সৃষ্টি কৰে, লগতে এইবোৰক ধ্বংস কৰাৰ পিছত তেওঁ পুনৰ এইবোৰক সৃষ্টি কৰিব? নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ। তেওঁ সৰ্বশক্তিমান তথা মহাক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক