ছূৰা 29 · জুজ 20

Al-'Ankabut · 29:18

وَإِنْ تُكَذِّبُوا فَقَدْ كَذَّبَ أُمَمٌ مِنْ قَبْلِكُمْ ۖ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ

আৰু যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে তোমালোকৰ পূৰ্বৱৰ্তী সকলেও অস্বীকাৰ কৰিছিল। আৰু সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব।

তাফছীৰ

হে মুশ্বৰিকসকল! তোমালোকে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰি আছা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে সিহঁতৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ, আদ আৰু ছামূদ সম্প্ৰদায়। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টৰূপে বাৰ্তা পৌঁচাই দিয়া। গতিকে তেওঁৰ প্ৰতিপালকে তেওঁক যি পৌঁচাই দিবলৈ আদেশ দিছিল, তেওঁ সেইবোৰ তোমালোকক পৌঁচাই দিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক