ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:14
وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ فَلَبِثَ فِيهِمْ أَلْفَ سَنَةٍ إِلَّا خَمْسِينَ عَامًا فَأَخَذَهُمُ الطُّوفَانُ وَهُمْ ظَالِمُونَ
আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিলে, কাৰণ সিহঁত আছিল যালিম।
তাফছীৰ
নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁ সিহঁতৰ মাজত নশ পঞ্চাছ (৯৫০) বছৰ অৱস্থান কৰি সিহঁতক তাওহীদৰ দাৱাত প্ৰদান কৰিছিল। তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, আৰু নিজৰ কুফৰীত অটল আছিল। এতেকে সিহঁতে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰি ডাঙৰ অন্যায় কৰিছিল, ফলত সিহঁত মহাপ্লাৱনৰ সন্মুখীন হৈছিল, আৰু সেই প্লাৱনত ডুবি ধ্বংস হৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক