ছূৰা 29 · জুজ 20
Al-'Ankabut · 29:13
وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًا مَعَ أَثْقَالِهِمْ ۖ وَلَيُسْأَلُنَّ يَوْمَ الْقِيَامَةِ عَمَّا كَانُوا يَفْتَرُونَ
আৰু অৱশ্যে সিহঁতে বহন কৰিব নিজৰ বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক অৱশ্যে কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।
তাফছীৰ
বাতিলৰ প্ৰতি আহ্বানকাৰী এই মুশ্বৰিকসকলে নিজৰ গুনাহৰ বোজা বহন কৰাৰ লগতে, সেইসকল লোকৰ গুনাহৰ বোজাও বহন কৰিব যিসকলে সিহঁতৰ আহ্বান স্বীকাৰ কৰিছিল। কিন্তু ইয়াৰ ফলত অনুসৰণকাৰীসকলৰ গুনাহত কোনো ধৰণৰ হেৰফেৰ নহ’ব। কিয়ামতৰ দিনা সিহঁতক নিশ্চয় সেইসমূহ বিষয় সম্পৰ্কে প্ৰশ্ন কৰা হ’ব, যিবোৰ বিষয় সিহঁতে নিজে ৰচনা কৰি প্ৰচাৰ কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক