ছূৰা 28 · জুজ 20

Al-Qasas · 28:68

وَرَبُّكَ يَخْلُقُ مَا يَشَاءُ وَيَخْتَارُ ۗ مَا كَانَ لَهُمُ الْخِيَرَةُ ۚ سُبْحَانَ اللَّهِ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ

আৰু তোমাৰ ৰব যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু যি ইচ্ছা সেইটোৱে মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ উৰ্দ্ধত।

তাফছীৰ

হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যিটো সৃষ্টি কৰিব বিচাৰে, সেইটোৱে সৃষ্টি কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে, তেওঁৰ আনুগত্য আৰু নবুওৱতৰ বাবে নিৰ্বাচিত কৰি লয়। এই ক্ষেত্ৰত মুশ্বৰিকসকলৰ অভিযোগ উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। নিশ্চয় আল্লাহ তাআলা মহা পৱিত্ৰ সেইসকলো অংশীদাৰৰ পৰা, যিবোৰক সিহঁতে অংশী কৰি তেওঁৰ সৈতে ইবাদত কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক