ছূৰা 28 · জুজ 20

Al-Qasas · 28:56

إِنَّكَ لَا تَهْدِي مَنْ أَحْبَبْتَ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ

নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।

তাফছীৰ

হে ৰাছুল! আপুনি যাকে ইচ্ছা তাকেই ঈমান পোষণ কৰাৰ ক্ষমতা প্ৰদান কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আবু তালিব। কিন্তু একমাত্ৰ আল্লাহেই সেই সত্ত্বা, যিজনে যাক ইচ্ছা কৰে তাকেই হিদায়তৰ তাওফীক দিব পাৰে। কাৰণ তেৱেঁই ভালকৈ জানে, কোন ব্যক্তিয়ে হিদায়ত লাভ কৰি সঠিক পথৰ পথিক হ’ব পাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক