ছূৰা 28 · জুজ 20

Al-Qasas · 28:55

وَإِذَا سَمِعُوا اللَّغْوَ أَعْرَضُوا عَنْهُ وَقَالُوا لَنَا أَعْمَالُنَا وَلَكُمْ أَعْمَالُكُمْ سَلَامٌ عَلَيْكُمْ لَا نَبْتَغِي الْجَاهِلِينَ

আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনে তেতিয়া তেওঁলোকে তাৰ পৰা বিমুখ হয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰো’।

তাফছীৰ

মুমিন বান্দাসকলে যেতিয়া আহলে কিতাবৰ অযথা কথা শুনা পায়, তেতিয়া তেওঁলোকে সেইবোৰক আওকাণ কৰি বেলেগ ফালে মনোযোগ দিয়ে। লগতে সিহঁতক সম্বোধন কৰি কয়ঃ শুনা! আমি আমাৰ কৰ্মৰ প্ৰতিদান পাম আৰু তোমালোকে তোমালোকৰ কৰ্মৰ প্ৰতিদান পাবা। আমাৰ ফালৰ পৰা তোমালোক সকলো ধৰণৰ গোৱাল-গালি আৰু অনিষ্টৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। আমি মুৰ্খসকলৰ সংস্পৰ্শ নিবিচাৰোঁ, কাৰণ ইয়াৰ মাজত পৃথিৱী আৰু আখিৰাতত ক্ষয়-ক্ষতি আৰু শাস্তি নিহিত আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক