ছূৰা 28 · জুজ 20
Al-Qasas · 28:44
وَمَا كُنْتَ بِجَانِبِ الْغَرْبِيِّ إِذْ قَضَيْنَا إِلَىٰ مُوسَى الْأَمْرَ وَمَا كُنْتَ مِنَ الشَّاهِدِينَ
(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলো তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শী সকলৰো অন্তৰ্ভুক্ত নাছিলা।
তাফছীৰ
যেতিয়া আমি মুছা আলাইহিচ্ছালামক এই সংবাদ দিছিলোঁ যে, আপোনাক ৰাছুল বনাই ফিৰআউন আৰু তাৰ প্ৰমুখ নেতাসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব, তেতিয়া সেইসময়ত হে ৰাছুল! পৰ্বতৰ পশ্চিম প্ৰান্তত আপুনি উপস্থিত নাছিল। আনকি সেই সংবাদ সংগ্ৰহ কৰিবলৈও আপুনি তাত উপস্থিত নাছিল যে, সেইবোৰ আপুনি মানুহৰ ওচৰত বৰ্ণনা কৰিব। এতেকে আপুনি মানুহক যি সংবাদ দি আছে, সেইবোৰ হৈছে দৰাচলতে আল্লাহৰ ফালৰ পৰা আপোনাৰ প্ৰতি প্ৰেৰণ কৰা অহী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক