ছূৰা 28 · জুজ 20

Al-Qasas · 28:43

وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ مِنْ بَعْدِ مَا أَهْلَكْنَا الْقُرُونَ الْأُولَىٰ بَصَائِرَ لِلنَّاسِ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ يَتَذَكَّرُونَ

আৰু অৱশ্যে পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলো কিতাব, মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।

তাফছীৰ

পূৰ্বৱৰ্তী উম্মতসমূহৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলোঁ তাওৰাত, তথাপিও সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ। ইয়াৰ মাজত আছে মানুহৰ বাবে উপদেশ, অৰ্থাৎ কোনটো বিষয় সিহঁতৰ বাবে উপকাৰী যিটোৰ ওপৰত সিহঁতে আমল কৰা উচিত; আৰু কোনটো বিষয় সিহঁতৰ বাবে ক্ষতিকাৰক, যিটোক সিহঁতে পৰিত্যাগ কৰা উচিত। তথা ইয়াত আছে কল্যাণৰ পিনে লৈ যোৱা সঠিক দিশনিৰ্দেশনা। লগতে আছে দয়া আৰু কৃপা, যিটো পৃথিৱী আৰু আখিৰাতৰ বাবে অতি কল্যাণকৰ। যাতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক