ছূৰা 28 · জুজ 20
My Lord, I am in need of whatever good You send · Al-Qasas 28:24
فَسَقَىٰ لَهُمَا ثُمَّ تَوَلَّىٰ إِلَى الظِّلِّ فَقَالَ رَبِّ إِنِّي لِمَا أَنْزَلْتَ إِلَيَّ مِنْ خَيْرٍ فَقِيرٌ
তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয় মই সেইটোৰে মুখাপেক্ষী’।
তাফছীৰ
এই শুনি তেওঁলোকৰ প্ৰতি মুছা আলাইহিচ্ছালামৰ পুতৌ জন্মিল আৰু তেওঁলোকৰ ছাগলীবোৰক লৈ তেওঁ পানী খুৱাই আনিলে। ইয়াৰ পিছত তেওঁ গছৰ ছাঁত গৈ বিশ্ৰাম কৰিবলৈ ধৰিলে, লগতে নিজ প্ৰতিপালকৰ ওচৰত তেওঁৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ ওপৰত যি কল্যাণেই নকৰা কিয়, সেইটোৱে এতিয়া মোৰ প্ৰয়োজন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক