ছূৰা 28 · জুজ 20

Al-Qasas · 28:23

وَلَمَّا وَرَدَ مَاءَ مَدْيَنَ وَجَدَ عَلَيْهِ أُمَّةً مِنَ النَّاسِ يَسْقُونَ وَوَجَدَ مِنْ دُونِهِمُ امْرَأَتَيْنِ تَذُودَانِ ۖ قَالَ مَا خَطْبُكُمَا ۖ قَالَتَا لَا نَسْقِي حَتَّىٰ يُصْدِرَ الرِّعَاءُ ۖ وَأَبُونَا شَيْخٌ كَبِيرٌ

যেতিয়া তেওঁ মাদিয়ানৰ জলাশয় পালেগৈ, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকবিলাকে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱা লৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰো, আৰু আমাৰ পিতৃ অতি বৃদ্ধ’।

তাফছীৰ

যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ঠাইত গৈ উপস্থিত হ’ল, তেতিয়া তেওঁ দেখা পালে কিছুসংখ্যক লোকে নিজৰ পোহনীয়া জন্তুবোৰক পানী খুওৱাই আছে। সিহঁতৰ পৰা কিছু নিলগত দুজনী ছোৱালীক দেখা পালে, তেওঁলোকে নিজৰ ছাগলীবোৰক আটক কৰি ৰাখিছে, মানুহবোৰ আঁতৰি যোৱাৰ পিচতহে তেওঁলোকে নিজৰ ছাগলীবোৰক পানী খুৱাব। মুছা আলাইহিচ্ছালামে তেওঁলোক দুয়োকে সুধিলেঃ তোমালোকৰ অসুবিধা কি, তোমালোকে নিজৰ জন্তুবোৰক সিহঁতৰ লগত পানী খুওৱা নাই কিয়? তেওঁলোকে ক’লেঃ আমাৰ অভ্যাস হৈছে যেতিয়ালৈকে ৰাখোৱালসকল গুচি নাযায় তেতিয়ালৈকে আমি আমাৰ জন্তুবোৰক পানী নুখুওৱাওঁ। যাতে সিহঁতৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব পাৰোঁ। আনহাতে আমাৰ পিতৃও অধিক বয়সস্থ। জন্তুবোৰক পানী খুৱাবলৈ তেওঁ নিজে আহিব নোৱাৰে। সেইকাৰণেই আমি আমাৰ ছাগলীবোৰক পানী খুৱাবলৈ অহাত বাধ্য।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক