ছূৰা 28 · জুজ 20

Al-Qasas · 28:13

فَرَدَدْنَاهُ إِلَىٰ أُمِّهِ كَيْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ وَلِتَعْلَمَ أَنَّ وَعْدَ اللَّهِ حَقٌّ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

তাৰ পিছত আমি তাক উভতাই দিলো তাৰ মাতৃৰ ওচৰত, যাতে তেওঁৰ চকু জুৰ যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।

তাফছীৰ

এইদৰেই আমি মুছাক তেওঁৰ মাতৃৰ ওচৰলৈ ওভোতাই দিছিলোঁ। যাতে তেওঁক ওচৰত পাই তেওঁৰ মাকৰ চকু শীতল হয়, লগতে তেওঁৰ বিচ্ছেদত যাতে শোকাগ্ৰস্ত নহয়। তথা এই কথাও যাতে গম পায় যে, মুছাক ওভোতাই দিয়াৰ আল্লাহৰ প্ৰতিশ্ৰুতিটো সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিন্তু অধিকাংশ লোকেই এই প্ৰতিশ্ৰুতি সম্পৰ্কে নাজানে, লগতে এইজনীয়েই যে মুছাৰ মাতৃ আছিল, এই কথাটো কোনোৱেই জনা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক