ছূৰা 28 · জুজ 20
Al-Qasas · 28:12
۞ وَحَرَّمْنَا عَلَيْهِ الْمَرَاضِعَ مِنْ قَبْلُ فَقَالَتْ هَلْ أَدُلُّكُمْ عَلَىٰ أَهْلِ بَيْتٍ يَكْفُلُونَهُ لَكُمْ وَهُمْ لَهُ نَاصِحُونَ
আৰু আমি পূৰ্বৰে পৰা তাৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলো। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনে এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?
তাফছীৰ
ইপিনে আল্লাহৰ পৰিকল্পনা মতে মুছা আলাইহিচ্ছামে কোনো নাৰীৰেই পিয়াহ খোৱা নাছিল, এই ঘটনা সংঘটিত হৈছিল মূছাক তেওঁৰ মাতৃৰ কোলাত ওভোতাই দিয়াৰ পূৰ্বে। যেতিয়া মুছা আলাইহিচ্ছালামৰ ভনীয়ে দেখিলে যে, সিহঁতে তেওঁক পিয়াহ খুৱাবলৈ ব্যাকুল হৈ আছে, তেতিয়া সিহঁতক ক’লেঃ আমি আপোনালোকক এনেকুৱা এটি পৰিয়ালৰ বিষয়ে সংবাদ দিব পাৰোঁনে, যি পৰিয়ালে ইয়াক পিয়াহ খুৱাব পাৰিব তথা ইয়াক ভালকৈ লালন-পালনো কৰিব পাৰিব, তথা তেওঁলোক ইয়াৰ শুভাকাংক্ষীও হ’ব?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক