ছূৰা 24 · জুজ 18
An-Nur · 24:55
وَعَدَ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَعَمِلُوا الصَّالِحَاتِ لَيَسْتَخْلِفَنَّهُمْ فِي الْأَرْضِ كَمَا اسْتَخْلَفَ الَّذِينَ مِنْ قَبْلِهِمْ وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ الَّذِي ارْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُمْ مِنْ بَعْدِ خَوْفِهِمْ أَمْنًا ۚ يَعْبُدُونَنِي لَا يُشْرِكُونَ بِي شَيْئًا ۚ وَمَنْ كَفَرَ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।
তাফছীৰ
তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আল্লাহে প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকক আল্লাহে শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব, তথা তেওঁলোকক পৃথিৱীত প্ৰতিনিধি বনাব, যিদৰে তেওঁলোকৰ পূৰ্বে মুমিনসকলৰ মাজৰ কিছুমানক প্ৰতিনিধি বনাইছিল। লগতে এই প্ৰতিশ্ৰুতিও দিছে যে, তেওঁলোকৰ বাবে মনোনীত আৰু পছন্দনীয় ধৰ্ম ইছলামক পৃথিৱীত শক্তিশালী কৰিব। তথা তেওঁলোকক এই কথাও দিছে যে, তেওঁলোকক ভয়-ভীতিৰ পিছত শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব। কিন্তু তেওঁলোকে কেৱলমাত্ৰ মোৰেই ইবাদত কৰিব লাগিব আৰু মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰিব নোৱাৰিব। যিয়ে এইবোৰ নিয়ামতৰ পিছতো অকৃতজ্ঞ হ'ব, প্ৰকৃততে সেইসকল লোকেই হৈছে আল্লাহৰ আনুগত্যৰ উলংঘাকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক