ছূৰা 24 · জুজ 18
An-Nur · 24:45
وَاللَّهُ خَلَقَ كُلَّ دَابَّةٍ مِنْ مَاءٍ ۖ فَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ بَطْنِهِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ رِجْلَيْنِ وَمِنْهُمْ مَنْ يَمْشِي عَلَىٰ أَرْبَعٍ ۚ يَخْلُقُ اللَّهُ مَا يَشَاءُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমান পেটত ভৰ দি চুচৰি যায়, আন কিছুমান দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমান চলে চাৰি ঠেঙেৰে। আল্লাহে যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
তাফছীৰ
পৃথিৱীত চলাচল কৰা প্ৰত্যেক জীৱকে আল্লাহে বীৰ্যৰ পৰা সৃষ্টি কৰিছে। সেইবোৰৰ কিছুমানে পেটত ভৰ দি চুঁচৰি চলাচল কৰে, যেনেঃ সাপ। আৰু কিছুমানে দুই ভৰিৰে খোজকাঢ়ে, যেনেঃ মানুহ আৰু হাঁহ, কুকুৰা, চৰাই-চিৰিকটি। আৰু কিছুমানে চলাচল কৰে চাৰি ঠেঙেৰে, যেনেঃ চতুষ্পদ জন্তু। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, যিটো বৰ্ণনা হৈছে সেইটোও আৰু যিটো বৰ্ণনা হোৱা নাই সেইটোও। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰতে সকলো বিষয়তে ক্ষমতাৱান। তেওঁক একোৱেই পৰাজিত কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক