ছূৰা 24 · জুজ 18
An-Nur · 24:38
لِيَجْزِيَهُمُ اللَّهُ أَحْسَنَ مَا عَمِلُوا وَيَزِيدَهُمْ مِنْ فَضْلِهِ ۗ وَاللَّهُ يَرْزُقُ مَنْ يَشَاءُ بِغَيْرِ حِسَابٍ
তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰষ্কাৰ দিয়ে আৰু তেওঁ নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈয়ো বেছি প্ৰদান কৰে। আৰু আল্লাহে যাক ইচ্ছা অপৰিমিত জীৱিকা দান কৰে।
তাফছীৰ
তেওঁলোকে এইবোৰ কৰ্ম এইকাৰণে কৰিছে, যাতে আল্লাহে তেওঁলোকক ইয়াৰ উত্তম প্ৰতিদান দিয়ে, লগতে তেওঁ যাতে নিজ অনুগ্ৰহত আৰু অধিক বৃদ্ধি কৰি দিয়ে। আল্লাহে যাক ইচ্ছা কৰে তাৰ কৰ্ম অনুসাৰে প্ৰচুৰ জীৱিকা প্ৰদান কৰে। আনকি তাৰ কৰ্মতকৈও কেইগুণ অধিক প্ৰদান কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক