ছূৰা 24 · জুজ 18
An-Nur · 24:37
رِجَالٌ لَا تُلْهِيهِمْ تِجَارَةٌ وَلَا بَيْعٌ عَنْ ذِكْرِ اللَّهِ وَإِقَامِ الصَّلَاةِ وَإِيتَاءِ الزَّكَاةِ ۙ يَخَافُونَ يَوْمًا تَتَقَلَّبُ فِيهِ الْقُلُوبُ وَالْأَبْصَارُ
সেইসকল লোকে, যিসকলক ব্যৱসায়-বানিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত নাৰাখে, তেওঁলোকে সেই দিনটোক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।
তাফছীৰ
তেওঁলোক হৈছে এনেকুৱা লোক, যিসকলক ব্যৱসায়-বাণিজ্যই কেতিয়াও আল্লাহৰ স্মৰণৰ পৰা আৰু সম্পূৰ্ণৰূপে চালাত আদায়ৰ পৰা, লগতে উপযুক্ত শিতানত যাকাত আদায়ৰ পৰা অমনোযোগী নকৰে। তেওঁলোকে কিয়ামত দিৱসক ভয় কৰে। সেইদিনা মানুহৰ অন্তৰ মুক্তি লাভৰ আশাত আৰু শাস্তিৰ ভয়ত কম্পমান থাকিব। লগতে সিহঁতে ইপিনে সিপিনে চাই থাকিব যে, ক’লৈ যাব আজি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক