ছূৰা 24 · জুজ 18

An-Nur · 24:25

يَوْمَئِذٍ يُوَفِّيهِمُ اللَّهُ دِينَهُمُ الْحَقَّ وَيَعْلَمُونَ أَنَّ اللَّهَ هُوَ الْحَقُّ الْمُبِينُ

সেইদিনা আল্লাহে সিহঁতৰ হক্ক তথা প্ৰাপ্য প্ৰতিফল পৰিপূৰ্ণৰূপে প্ৰদান কৰিব আৰু সিহঁতে জানি লব যে, আল্লাহেই সুস্পষ্ট সত্য।

তাফছীৰ

সেইদিনা আল্লাহে সিহঁতক ন্যায়পূৰ্বক প্ৰতিদান দিব, আৰু সিহঁতে ভালদৰে জানি ল'ব যে, আল্লাহেই সত্য। এতেকে তেওঁ যি খবৰেই দিয়ে অথবা প্ৰতিশ্ৰুতি নাইবা সতৰ্ক কৰে, সেই সকলো সত্য তথা স্পষ্ট। তাত কোনো ধৰণৰ সন্দেহ নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক