ছূৰা 24 · জুজ 18

An-Nur · 24:23

إِنَّ الَّذِينَ يَرْمُونَ الْمُحْصَنَاتِ الْغَافِلَاتِ الْمُؤْمِنَاتِ لُعِنُوا فِي الدُّنْيَا وَالْآخِرَةِ وَلَهُمْ عَذَابٌ عَظِيمٌ

যিসকলে সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, সিহঁতেই পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।

তাফছীৰ

নিশ্চয় যিসকল লোকে সচ্চৰিত্ৰা, অশ্লীলতাৰ পৰা বহু দূৰত অৱস্থান কৰা সহজ-সৰল নিৰ্মলচিত্ত মুমিনা নাৰীৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰে, সিহঁতক পৃথিৱী আৰু আখিৰাতত আল্লাহৰ ৰহমতৰ পৰা আঁতৰ কৰি দিয়া হৈছে। তথা সিহঁতৰ বাবে আখিৰাতত আছে মহাশাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক