ছূৰা 2 · জুজ 1

Al-Baqarah · 2:90

بِئْسَمَا اشْتَرَوْا بِهِ أَنْفُسَهُمْ أَنْ يَكْفُرُوا بِمَا أَنْزَلَ اللَّهُ بَغْيًا أَنْ يُنَزِّلَ اللَّهُ مِنْ فَضْلِهِ عَلَىٰ مَنْ يَشَاءُ مِنْ عِبَادِهِ ۖ فَبَاءُوا بِغَضَبٍ عَلَىٰ غَضَبٍ ۚ وَلِلْكَافِرِينَ عَذَابٌ مُهِينٌ

যিটোৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰি কিৰছে সেয়া কিমান যে, নিকৃষ্ট! সেয়া হৈছে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাৰ লগত কুফৰী কৰিছে, এই জিদৰ বশৱৰ্তী হৈ যে, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা তাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ কৰে। সেয়ে সিহঁত ক্ৰোধৰ ওপৰত ক্ৰোধ অৰ্জন কৰিছে আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

তাফছীৰ

আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমানৰ পৰিবৰ্তে সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে। ফলত সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা চৰীয়তক অস্বীকাৰ কৰিলে আৰু তেওঁৰ ৰাছুলসকলক মিছা প্ৰতিপন্ন কৰিলে। এইবোৰ সিহঁতে অন্যায় আৰু ঈৰ্ষাৰ ফলত কৰিছিল, কাৰণ আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নুবুওৱত আৰু কোৰআনৰ দ্বাৰা সন্মানিত কৰিছে। এতেকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱজ্ঞা আৰু ইয়াৰ পূৰ্বে তাওৰাত বিকৃত কৰাৰ কাৰণে সিহঁত আল্লাহৰ গজব আৰু অসন্তুষ্টিৰ পাত্ৰ হৈ গ’ল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱত অস্বীকাৰকাৰী সকলৰ বাবে কিয়ামতৰ দিনা আছে লাঞ্ছনাদায়ক শাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক