ছূৰা 2 · জুজ 1

Al-Baqarah · 2:89

وَلَمَّا جَاءَهُمْ كِتَابٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ وَكَانُوا مِنْ قَبْلُ يَسْتَفْتِحُونَ عَلَى الَّذِينَ كَفَرُوا فَلَمَّا جَاءَهُمْ مَا عَرَفُوا كَفَرُوا بِهِ ۚ فَلَعْنَةُ اللَّهِ عَلَى الْكَافِرِينَ

আৰু যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা এনে এখন কিতাব আহিল যিটো সিহঁতৰ লগত যি আছে তাৰ সত্যায়নকাৰী, অথচ ইয়াৰ পূৰ্বে সিহঁতে ইয়াৰ সহায় বিচাৰি কাফিৰসকলৰ বিৰুদ্ধে বিজয় প্ৰাৰ্থনা কৰিছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰত সেয়া আহি পালে যিটো সিহঁতে ভালদৰে চিনি পায়, (তথাপিও) অস্বীকাৰ কৰিলে। সেয়ে কাফিৰসকলৰ ওপৰত আল্লাহৰ লা’নত।

তাফছীৰ

যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা কোৰআন আহিল, যিটো সাধাৰণ নিয়ম-নীতি আৰু বিধানত তাওৰাত তথা ইঞ্জীলৰ দৰেই। আৰু সিহঁতে কোৰআন অৱতীৰ্ণ হোৱাৰ আগত কৈছিলঃ অনতিপলমে আমি মুশ্বৰিকসকলক পৰাজয় কৰিম যেতিয়া আমাৰ ওচৰত এজন নবী আহিব, আমি তেওঁৰ প্ৰতি ঈমান পোষণ কৰিম আৰু তেওঁৰ অনুসৰণ কৰিম। কিন্তু যেতিয়া কোৰআন আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহিল সেইসমূহ বৈশিষ্ট্যৰ সৈতে যিবোৰ বৈশিষ্ট্য সম্পৰ্কে সিহঁতে ভালকৈয়ে অৱগত আছিল লগতে সেই সত্য উপস্থাপন কৰা হল যি সত্যক সিহঁতে ভালকৈয়ে জানিছিল; তথাপিও সিহঁতে অস্বীকাৰ কৰিলে। এনেকুৱা কাফিৰৰ প্ৰতি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অভিসম্পাত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক