ছূৰা 2 · জুজ 1
Al-Baqarah · 2:9
يُخَادِعُونَ اللَّهَ وَالَّذِينَ آمَنُوا وَمَا يَخْدَعُونَ إِلَّا أَنْفُسَهُمْ وَمَا يَشْعُرُونَ
সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁত নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেয়া অনুধাৱন নকৰে।
তাফছীৰ
ইহঁতৰ অজ্ঞানতাৰ কাৰণে ইহঁতে ভাবে যে, ইহঁতে ঈমান দেখুৱাই আৰু কুফৰ গোপন কৰি আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰি আছে। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। কিয়নো আল্লাহে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়েই জানে ফলত আল্লাহে মুমিনসকলক সিহঁতৰ আচৰণ আৰু অৱস্থা সম্পৰ্কে অৱগত কৰাই দিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক