ছূৰা 2 · জুজ 1
Al-Baqarah · 2:76
وَإِذَا لَقُوا الَّذِينَ آمَنُوا قَالُوا آمَنَّا وَإِذَا خَلَا بَعْضُهُمْ إِلَىٰ بَعْضٍ قَالُوا أَتُحَدِّثُونَهُمْ بِمَا فَتَحَ اللَّهُ عَلَيْكُمْ لِيُحَاجُّوكُمْ بِهِ عِنْدَ رَبِّكُمْ ۚ أَفَلَا تَعْقِلُونَ
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাত কৰে তেতিয়া কয়, 'আমি ঈমান আনিছো'। আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয়, 'তোমালোকে সিহঁতৰ লগত এনে কথা আলোচনা কৰা নেকি যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে; যাতে সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব? তোমালোকে বুজি নোপোৱা নেকি'?
তাফছীৰ
ইয়াহুদীসকলৰ বৈচাৰিক বিৰোধিতা তথা কপটতা ও চক্ৰান্তৰ এটা উদাহৰণ এই আছিল যে, যেতিয়া সিহঁতে মুছলিমসকলৰ লগত মিলিত হৈছিল তেতিয়া তেওঁলোকৰ সন্মুখত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা লগতে তেওঁৰ ৰিছালতৰ সত্যতাও প্ৰদান কৰিছিল আৰু স্বয়ং তাওৰাতেও ইয়াৰ সত্যায়ন কৰে। কিন্তু ইয়াহুদীবিলাকে অকলশৰীয়াকৈ যেতিয়া ইজনে সিজনৰ লগত সাক্ষাত কৰিছিল তেতিয়া এই সত্য স্বীকাৰ কৰা কাৰণে ইজনে সিজনক ভৰ্তসনা কৰিছিল। কাৰণ মুছলিমসকলে সিহঁতৰ এই সত্যায়নক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্য নবী হোৱাৰ ক্ষেত্ৰত সিহঁতৰ বিৰুদ্ধেই দলীল হিচাপে দাঙি ধৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক