ছূৰা 2 · জুজ 1

Al-Baqarah · 2:75

۞ أَفَتَطْمَعُونَ أَنْ يُؤْمِنُوا لَكُمْ وَقَدْ كَانَ فَرِيقٌ مِنْهُمْ يَسْمَعُونَ كَلَامَ اللَّهِ ثُمَّ يُحَرِّفُونَهُ مِنْ بَعْدِ مَا عَقَلُوهُ وَهُمْ يَعْلَمُونَ

তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে, তাৰ পিছত সিহঁতে সেইটো অনুধাৱন কৰাৰ পিছত জানি বুজি বিকৃত কৰে।

তাফছীৰ

হে মুমিনসকল! তোমালোকে ইয়াহুদীসকলৰ প্ৰকৃতস্বৰূপ আৰু সিহঁতৰ ধৃষ্টতা ও অবাধ্যতা সম্পৰ্কে অৱগত হোৱাৰ পিছতো এই আশা পোষণ কৰা নেকি যে, সিহঁতে ঈমান পোষণ কৰিব আৰু তোমালোকৰ কথা মানি চলিব? অথচ সিহঁতৰ ধৰ্মগুৰু সকলৰ এটা দলে, আল্লাহে অৱতীৰ্ণ কৰা পুথি তাওৰাতৰ বাণীসমূহ শুনিছিল আৰু সেয়া বুজি পোৱাৰ পিছতো তাৰ শব্দ আৰু অৰ্থ বিকৃত কৰিছিল। যদিও সিহঁত এই অপৰাধৰ ভয়াৱহতা সম্পৰ্কে অৱগত আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক