ছূৰা 2 · জুজ 1

Al-Baqarah · 2:51

وَإِذْ وَاعَدْنَا مُوسَىٰ أَرْبَعِينَ لَيْلَةً ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهِ وَأَنْتُمْ ظَالِمُونَ

আৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ লগত চল্লিশ ৰাতিৰ বাবে প্ৰতিশ্ৰুতি কৰিছিলো, তাৰ (গুচি যোৱাৰ) পিছত তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু যালিম হৈ গৈছিলা।

তাফছীৰ

এই অনুগ্ৰহসমূহৰ লগতে এটা অনুগ্ৰহ এইটোও স্মৰণ কৰা যে, আমিয়ে মূছাক চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলো যাতে তাওৰাত অৱতীৰ্ণৰ কাম সম্পন্ন হয়। যিটো আছিল জ্যোতি আৰু হিদায়ত। কিন্তু তোমালোকে এই সময়ছোৱাতে দামুৰিৰ পূজা-পাঠ আৰম্ভ কৰিলা। দৰাচলতে তোমালোকে এই কৰ্মৰ ফলতেই যালিমসকলৰ অন্তৰ্ভুক্ত হৈছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক