ছূৰা 2 · জুজ 1
Al-Baqarah · 2:43
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَارْكَعُوا مَعَ الرَّاكِعِينَ
আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে ৰুকুকাৰী সকলৰ লগত ৰুকু কৰা।
তাফছীৰ
ছালাতক ইয়াৰ আৰকান, ওৱাজীবসমূহ আৰু ছুন্নতসমূহৰ সৈতে সম্পূৰ্ণ পদ্ধতিৰে আদায় কৰা। আৰু আল্লাহে দিয়া সম্পদৰ পৰা যাকাত আদায় কৰা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ যিসকল লোকে আল্লাহৰ সন্মুখত শিৰ নত কৰে তেওঁলোকৰ লগত তোমালোকেও শিৰ নত কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক