ছূৰা 2 · জুজ 1

Al-Baqarah · 2:42

وَلَا تَلْبِسُوا الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوا الْحَقَّ وَأَنْتُمْ تَعْلَمُونَ

আৰু তোমালোকে সত্যক মিছাৰ লগত মিশ্ৰিত নকৰিবা আৰু জানি-শুনি সত্য গোপন নকৰিবা।

তাফছীৰ

আৰু মই ৰাছুলসকলৰ প্ৰতি যি সত্য অৱতীৰ্ণ কৰিছো, তাক তোমালোকে নিজৰ মনেসজা কথাৰে মিশ্ৰিত নকৰিবা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈশিষ্ট্য সম্পৰ্কে তোমালোকৰ পুথিত থকা সত্যক জানি-বুজি তথা বিশ্বাস কৰাৰ পিছতো সেয়া গোপন নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক